
অসম চৰকাৰৰ উদ্যোগত মাতৃ-পিতৃ বন্দনা আঁচনি ২০২৫ চনত পুনৰ আয়োজন কৰা হৈছে, যাৰ মূল উদ্দেশ্য হৈছে কৰ্মচাৰীয়ে নিজৰ মাতৃ-পিতৃ তথা জ্যেষ্ঠ সদস্যৰ সৈতে গুণগত সময় কটাব পাৰে।
Table of Contents
মাতৃ-পিতৃ বন্দনা আঁচনি ২০২৫ — অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে বিশেষ ছুটি
মাতৃ-পিতৃ বন্দনা আঁচনিৰ সূচনা হয় ২০২১ চনৰ স্বাধীনতা দিৱসত, যেতিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰথম স্বাধীনতা দিৱস ভাষণত এই আঁচনি ঘোষণা কৰিছিল । তেওঁ এই আঁচনিৰ মাধ্যমে চৰকাৰী কৰ্মচাৰীক নিজৰ মাতৃ-পিতৃ আৰু জ্যেষ্ঠ সদস্যৰ সৈতে গুণগত সময় কটাবলৈ উৎসাহিত কৰাৰ কথা কৈছিল।
প্ৰথম বাৰ এই ছুটি ২০২2 চনত প্ৰয়োগ কৰা হৈছিল, আৰু তাৰপিছত প্ৰতি বছৰে এই আঁচনি অনুসৰি বিশেষ কেছুৱেল ছুটি ঘোষণা কৰা হৈছে।
ছুটিৰ তাৰিখ
২০২৫ চনত, এই ছুটি ১৪, ১৫ আৰু ১৬ নবেম্বৰ তাৰিখে পালন কৰা হ’ব, য’ত কৰ্মচাৰীয়ে ৩ দিনীয়া ছুটি লৈ নিজৰ পৰিয়ালৰ সৈতে সময় কটাই ছবি আপলোড কৰি আঁচনিৰ সদ্ব্যৱহাৰ প্ৰমাণ দিব
মাতৃ-পিতৃ বন্দনা” আঁচনিৰ উদ্দেশ্য
এই আঁচনি ভাৰতীয় পৰম্পৰা আৰু পৰিয়ালিক মূল্যবোধৰ ওপৰত আধাৰিত, য’ত জ্যেষ্ঠ সদস্যৰ যত্ন লোৱা, সন্মান জনোৱা আৰু কৃতজ্ঞতা প্ৰকাশ কৰা এক সামাজিক দায়িত্ব হিচাপে গণ্য কৰা হয়। এই ছুটিৰ মাধ্যমে কৰ্মচাৰীয়ে নিজৰ পৰিয়ালৰ জ্যেষ্ঠ সদস্য — মাতৃ, পিতৃ, শ্শুৰ, শ্শুৰীৰ সৈতে সময় কটাই, তেওঁলোকৰ যত্ন লোৱাৰ সুযোগ পাব। সামাজিক মূল্যবোধ আৰু পৰিয়ালিক সংহতি বৃদ্ধিৰ লক্ষ্যেই এই আঁচনিৰ সূচনা কৰা হৈছে
মাতৃ-পিতৃ বন্দনা” আঁচনিৰ আবেদন প্ৰক্ৰিয়া
- https://matripitrivandana.assam.gov.in/ ৱেবছাইটত গৈ অনলাইন আবেদন কৰিব লাগিব
- আবেদনকাৰীয়ে নিজৰ ব্যক্তিগত তথ্য, ID প্ৰমাণপত্ৰ, ফটো আদি আপলোড কৰিব লাগিব।
- ছুটিৰ অন্তত মাতৃ-পিতৃ বা জ্যেষ্ঠ সদস্যৰ সৈতে তোলা ফটো আপলোড কৰি ছুটিৰ সদ্ব্যৱহাৰৰ প্ৰমাণ দিব লাগিব।
ফটো কেনেকৈ আপলোড কৰিব — মাতৃ-পিতৃ বন্দনা আঁচনি ২০২৫
✅ ছুটিৰ আগতে (Registration সময়ত):
- Register কৰাৰ সময়ত passport-size photo আৰু চৰকাৰী ID প্ৰমাণপত্ৰ আপলোড কৰিব লাগিব।
✅ ছুটিৰ পিছত (Leave Observance Upload):
১. Official portalত Login কৰক (Registered Mobile Number + OTP)।
২. Dashboard ত গৈ “Upload Photos” টাবত ক্লিক কৰক।
৩. ছুটিৰ সময়ত তোলা ২টা ফটো আপলোড কৰক — আপোনাৰ মাতৃ-পিতৃ বা শ্বশুৰ-শ্বাশুৰীৰ সৈতে।
৪. ছুটিৰ আগতে print কৰি sign কৰা আবেদনপত্ৰৰ scan copy আপলোড কৰক।
৫. ফটোৰ তাৰিখ ১৪–১৬ নবেম্বৰ ২০২৫ৰ ভিতৰত হ’ব লাগিব, নহ’লে validationত সমস্যা হব পাৰে।
📌 টিপছ:
- JPG বা PNG formatত ফটো ৰাখক।
- File size 2MB ৰ ভিতৰত ৰাখক।
- ফটোত মুখ স্পষ্টভাৱে দেখা যাব লাগিব